Kishore Kumar Hits

Amar Sivam - Aadixokti текст песни

Исполнитель: Amar Sivam

альбом: Aadixokti


সৃষ্টিৰ বুকুত অৰিহণা
তোমাৰ নামেৰে কাহিনী
ক্ষুব্ধ হৃদয়ৰ শান্তনা
শিমলুৰ ক্লান্ত হাঁহি

সৃষ্টিৰ বুকুত অৰিহণা
তোমাৰ নামেৰে কাহিনী
ক্ষুব্ধ হৃদয়ৰ শান্তনা
শিমলুৰ ক্লান্ত হাঁহি
শুকুলা শাৰদী অপৰূপা
তোমাৰ সুবাসেৰে শ্যামলী
ৰিক্ত সুৰৰ পৰিভাষা
তোমাৰ লাহতী খোপাটি
হেঙুলী সূৰুযৰ শতকথা
তোমাৰ সুৰেৰে কামিনী
বিলীন তোমাৰ অন্তৰা
তন্ময় সপোনৰে ৰাগিণী
নিভাঁজ প্ৰেমৰ চাৱনি

Yeah, yeah
She's a queen, independent
She's the universe, man, she's today's women
She's God, she's angel
She be rocking the world in a heel or a sandal
তাই নাৰী, আদিশক্তি
তাই জীৱন-পালিনী হৈ তায়ে কৰে সৃষ্টি
ছবি, কাহিনী
এন্ধাৰত পোহৰ দিয়ে, তায়ে কলা-কৃষ্টি
তাইৰ চকুতে জুই
বৰষা হৈ আহিছে বৈ, চবৰে ভয়
কিজানি তাই উভতি যায়!
চবতে সফলতা বিচাৰি পায়
কৰিব কাম, হ'ব তাৰ নাম
বুৰঞ্জী কিতাপত বিচাৰি চাম
আগুৱাই দে তাইক, আগুৱাই যাম
অসমৰ জীয়ৰীক জিলিকুৱাম
প্ৰেম-প্ৰীতি বা জ্বৰ-চৰ্দী
মা মোক বচাব like one-man army
Assamese, Bengali, Naga, Punjabi
She is the source of our primary energy
Fearless queen যেনে কনকলতা
She is flawless perfect mother, চাবি ক্ষমতা
Northeast queen হয় তাই northeastern style
শদিয়া to ধুবুৰী with that big perfect smile
মৃত্যুৰ কঁপনি, দুচকু কাজলী
তুমি জয়া, তুমিয়েই আদিশক্তি
বিজুলী সুবাসেৰে তোমাৰেই কৰধনী
উন্মাদ প্ৰেমৰ এবুকু তৰংগিনী
সজল চকুযুৰিৰ নাই আহৰি
সিক্ত প্ৰাণতো তোমাৰেই মালতী
নাহৰৰ সুবাসত হেৰায় ৰজনী
হেজাৰ সপোনৰ তুমিয়েই সহযাত্ৰী

বিচাৰি আকাশৰ পৰিক্ৰমা
নীলিম দুচকুৰ প্ৰতিশ্ৰুতি
প্ৰীতিৰ আচল ধূলিসনা
অন্তহীন বৰষা তুমি

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

DXA

Исполнитель

DHRTX

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель