Amar Sivam - Amoya Morom - Male Version текст песни
Исполнитель:
Amar Sivam
альбом: Amoya Morom (Male Version)
অময়া মৰমৰ এজাক বৰষাই
ক'লেহি মোক আহি তোমাৰেই যে কথা
ভাগৰুৱা সময়ত স্মৃতিবোৰে সকাহ
তোমাৰেই নামতে মোৰ প্ৰতিটো উশাহ
পদূলিত যেতিয়া নাচে পোহৰে
মনে মাথোঁ তোমাকেই সোঁৱৰে
এক অচিনা আৱেগে আহি মোক
ধীৰে ধীৰে তোমাতেই সামৰে
কাষলে' আহি সাৱটি লোৱাঁ
দুবাহুতে দুবাহু থোৱাঁ
আঁকোৱালি মোৰ ভালপোৱা
দুচকুতে দুচকু থোৱাঁ
হৃদয়তে সুৰ আলসুৱা
সপোনৰে বাট সজোৱাঁ
♪
জীৱনৰ প্ৰতিটো ঘাটতে
প্ৰণয়ে সুৰীয়া গীত জোৰে
সময়ৰ এখিলা পাততে
সাতো ৰঙে আহি খেলা পাতে
তুমি যেন এটি মিঠা ৰাগিৰে ৰাগিণী
পলে-পলে উৰে মন আজি তোমালে' বুলি
পদূলিত যেতিয়া নাচে পোহৰে
মনে মাথোঁ তোমাকেই সোঁৱৰে
এক অচিনা আৱেগে আহি মোক
ধীৰে ধীৰে তোমাতেই সামৰে
কাষলে' আহি সাৱটি লোৱাঁ
দুবাহুতে দুবাহু থোৱাঁ
আঁকোৱালি মোৰ ভালপোৱা
দুচকুতে দুচকু থোৱাঁ
হৃদয়তে সুৰ আলসুৱা
সপোনৰে বাট সজোৱাঁ
Поcмотреть все песни артиста
Другие альбомы исполнителя