Vicky Kalita - Nohoba Udaax текст песни
Исполнитель:
Vicky Kalita
альбом: Nohoba Udaax
নহ'বাঁ উদাস
সাৰে আছোঁ মই
নোছোৱা ডাৱৰ
পিৰালিতে ৰয়
নহ'বাঁ উদাস
সাৰে আছোঁ মই
নোছোৱা ডাৱৰ
পিৰালিতে ৰয়
কোৱা-নোকোৱাৰ আয়োজনতে
দেখা-নেদেখাৰ আখৰা পাতে
কোৱা-নোকোৱাৰ আয়োজনতে
দেখা-নেদেখাৰ আখৰা পাতে
তুমি মৰীচিকা মৰমৰ
তুমি অমানিশাৰে সাঁথৰ
বিভাৱৰী হোৱা মোৰ চহৰ
তুমি ভিজি উঠা এই প্ৰহৰ
♪
উজাগৰ মদিৰাই
কিয় পাহৰণিৰে পোছাক সলায়?
ভাগৰৰ পখিলাই
তাতে কাহিনীৰে কলম বোলায়
অ', উজাগৰ মদিৰাই
কিয় পাহৰণিৰে পোছাক সলায়?
ভাগৰৰ পখিলাই
তাতে কাহিনীৰে কলম বোলায়
নিমাত আশাৰ সেমেকা ভাৱত
নাজানো কোনে বাটকে হেৰায়!
কোৱা-নোকোৱাৰ আয়োজনতে
দেখা-নেদেখাৰ আখৰা পাতে
তুমি মৰীচিকা মৰমৰ
তুমি অমানিশাৰে সাঁথৰ
বিভাৱৰী হোৱা মোৰ চহৰ
তুমি ভিজি উঠা এই প্ৰহৰ
Поcмотреть все песни артиста
Другие альбомы исполнителя