Kishore Kumar Hits

Mizzu Mirzanoor - Kenekoi Jiyam текст песни

Исполнитель: Mizzu Mirzanoor

альбом: Kenekoi Jiyam


উশাহো ভাগৰে মোৰ দুবাহুতে
ভালপোৱাৰ অভিনয়ে সমাধি পাতে
সময়ে ডুবালে জীৱনৰে নাও
তুমি নহ'লেনো কেনেকৈ জীয়াম!
পোৱা-নোপোৱাৰেনো অভিযোগ কিমান?
জীৱন মায়াৰেহে সমাহাৰ
এটি নিলিখা কবিতাৰ অনুভূতি তুমি
বুকুৰে কোণৰে চিনাকি সুহুৰি

হৃদয়ৰ চহৰত বিষাদৰ বৰষা
তুমিয়ে ভাঙিলা মোৰেই ভৰসা
অ', ডেউকা ভাঙি পৰে হেঁপাহৰ কেতেকীৰ
ধূসৰিত দাপোণ আজি স্মৃতিৰে খিৰিকীৰ
পাহি মেলি গজা আৱেগৰ ফুলপাহ...
দিঠকতে আজি যাতনাত মৰহা
পোৱা-নোপোৱাৰেনো অভিযোগ কিমান?
জীৱন মায়াৰেহে সমাহাৰ
এটি নিলিখা কবিতাৰ অনুভূতি তুমি
বুকুৰে কোণৰে চিনাকি সুহুৰি

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

Dyou

Исполнитель