Kishore Kumar Hits

Bhaskar Opswel - Mur Xopun текст песни

Исполнитель: Bhaskar Opswel

альбом: Mur Xopun


হেঁপাহৰ কিনো আৱেগ!
জিলিকে তোমাৰো দাপোণ
তোমাতেই থমকি ৰয় মোৰ সপোন
নীলিমাৰ আঁৰত কিয়
হেৰোৱা অতীতে কয়
"ভাৱনাৰ সাগৰ তুমি মোৰ হয়"?
অ', কঁপা কঁপা ওঁঠে কিনো কয়?
অ', জানো আজি তুমি মোৰে হয়?
"সপোনৰো শেষ নাই"- ৰ'দে কয়
ভালপোৱাৰ ৰ'দালি তুমি হয়

একাঁজলি সপোনে দুচকুতে গোপনে
উশাহত মৰমে জীয়ায়
অভিমানী হৃদয়ে আলফুলে-গুপুতে
কিয়নো মনে মোৰ বিচাৰে তোমাকে!
"সপোনৰো শেষ নাই"- ৰ'দে কয়
ভালপোৱাৰ ৰ'দালি তুমি হয়

সাতোৰঙী ৰঙেৰে বোলালাহি তুমিয়েই
ৰামধেনু মৰমৰ ভাঁজতে
গুঁঠি দিলা কবিতাৰে ক'ব খোজা কথাৰে
নুবুজা কথাবোৰ অজানিতে তুমিয়েই
অ', কঁপা কঁপা ওঁঠে কিনো কয়?
অ', জানো আজি তুমি মোৰে হয়?
"সপোনৰো শেষ নাই"- ৰ'দে কয়
ভালপোৱাৰ ৰ'দালি তুমি হয়

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

Dyou

Исполнитель