Bishrut Saikia - Notun Hahi текст песни
Исполнитель:
Bishrut Saikia
альбом: Notun Hahi
নৱ বৰণীয়া অলকেৰে
নিজক সলনি কৰি কি দেখিলা?
ৰামধেনুৰ সাতো ৰঙে
মানসক শুকুলা নকৰিলা
চুৰত সুৰাৰে জীৱনক ধুঁৱলিত থলা
নিৰুদ্যম হৃদয়ে হেজাৰ গীত গুণগুণাই
প্ৰাণৰ ভাষাৰে তুমি কবিতা ৰচা
কি যুগান্তৰ সন্মূখীন হৈ সদায়?
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ
নৱ বৰণীয়া অলকেৰে নিজক সলনি কৰি কি দেখিলা?
আনৰ হিতৰ বাবে তুমি নিজৰ ক্ষতি কৰি মৰহি যাবা
তুমি মৰহি গ'লে বসন্ত নহয় ৰঙচুৱা
কোন দিগন্তত সুৰুয হৈ তুমি, আহি জিৰোৱা?
কোন সাগৰৰ জলদস্যুৱে সেই সন্ধিয়া কাঢ়ে তোমাৰ বিভাসা?
তোমাৰ নিম্ন উগ্ৰতাও নীলাঞ্জনা
আপদ আলিংগন কৰা তোমাৰ দুৰ্বলতা
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ
নৱ বৰণীয়া অলকেৰে নিজক সলনি কৰি কি দেখিলা?
তোমাৰ মনে বিচৰা সুখ মহানগৰীত দেখোন তাকৰীয়া
দেশৰ সুখ উন্মাদ লুইতৰ উৰ্মিমালাত
আপোন পথাৰৰ আলিত তোমাৰ খোজৰ কামনা
দাৱনীৰ খামুচত জিলিকে অলেখ ধানৰ গহনা
প্ৰকৃতিৰ আগত কি মান অট্টালিকাৰ?
চিলনী তুমি অসমৰ উৰণ তোমাৰ স্বাধীনতাৰ
পখীৰ ভাও ধৰা ৰঙীণ চিলা তুমি নহ'বা
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ
Поcмотреть все песни артиста
Другие альбомы исполнителя