Shankuraj Konwar - Moupiya текст песни
Исполнитель:
Shankuraj Konwar
альбом: Moupiya
ক'তেনো থমকিলে বাটৰুৱা মন?
হেঁপাহৰ ৰাগি লাগি উতনুৱা মন
দাপোণত কাকে দেখি আজি পাগল মন?
হিয়াতে সাঁচি থ'লোঁ গধূলি মগন
ৰাখিবি যতনেৰে ফাগুনক মোৰ
বতাহে উৰুৱাব মন
নাযাবি থৈ ফাগুনক দোমোজাত মোৰে কাষত
খেলিমেলি সেন্দুৰীয়া বুকু যে লাজত
বনৰীয়া ফুলবোৰ যেন তোৰ গাৰে কাচং
সাতোৰঙী ৰামধেনু
(অঁ-হঁ অ'-অ'-অ'-অ'-অ')
সৰু সৰু কথাবোৰ
পাহে-পাহে আঁকিলোঁ
পথৰুৱা বাটতে
মৌ-পিয়া মৌ-পিয়া সাধুকথা
সৰু সৰু কথাবোৰ
পাহে-পাহে আঁকিলোঁ
পথৰুৱা বাটতে
মৌ-পিয়া মৌ-পিয়া সাধুকথা
এধানি এধানি জোনাকী সামৰা
চিকুণ চিকুণ হেঁপাহবোৰ
গুটিমালী গুটিমালী আশাবোৰ
সুহুৰিতে বকুল গধূলি কবিতা
জোনাকীৰে জাকে থৈ আহে
মোৰ আহিনক তোৰে কাষতে
নাযাবি থৈ আহিনক দোমোজাত মোৰে কাষত
খেলিমেলি সেন্দুৰীয়া বুকু যে লাজত
বনৰীয়া ফুলবোৰ যেন তোৰ গাৰে কাচং
সাতোৰঙী ৰামধেনু
(অঁ-হঁ অ'-অ'-অ'-অ'-অ')
সৰু সৰু কথাবোৰ
পাহে-পাহে আঁকিলোঁ
পথৰুৱা বাটতে
মৌ-পিয়া মৌ-পিয়া সাধুকথা
সৰু সৰু কথাবোৰ
পাহে-পাহে আঁকিলোঁ
পথৰুৱা বাটতে
মৌ-পিয়া মৌ-পিয়া সাধুকথা
মৌ-পিয়া মৌ-পিয়া সাধুকথা
মৌ-পিয়া মৌ-পিয়া সাধুকথা
Поcмотреть все песни артиста
Другие альбомы исполнителя