গৰকি যাওঁ নিয়ৰৰ শৰাই
চকুৰ পচাৰতে ৰাতি পুৱায়
বনৰ চৰায়ে বনৰ গীত গায়
উৰি উৰি সীমনাতে হেৰায়
প্ৰথমজাক পোহৰে সমুখৰে বাটবোৰ দেখুৱায়
বাটৰুৱা মন আমাৰ, ধুমুহাকো নেওচি যাব আগুৱাই
আৰোহী, আৰোহী, আৰোহী, আৰোহী
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
♪
গৰকি যায় সপোন নিজৰাই
সাগৰ বিচাৰি দিঠকত হেৰায়
সাগৰলে' এতিয়াও যে দূৰ
যদি পাহৰোঁ এই গীতৰে সুৰ
তোমাৰ মৰমেই মোৰ সিৰে-সিৰে ব'ব সুৰ হৈ তেতিয়া
তোমাৰ উছাহে মোক ধুমুহাকো নেওচি নিব আগুৱাই
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
♪
যদি ৰওঁ থমকি, প্ৰাণ-পক্ষী মোৰ তোমাৰে সাৰথি
আকাশ-পিয়াসী মনে ধুমুহাকো নেওচি যাব আগুৱাই
আৰোহী, আৰোহী, আৰোহী, আৰোহী
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰোহী
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
Поcмотреть все песни артиста