Kishore Kumar Hits

Amarendra Kalita - Tumi Otit текст песни

Исполнитель: Amarendra Kalita

альбом: Tumi Otit


অচিনা আৱেগ নামি আহে
হেৰোৱা অতীতৰ প্ৰীতি সুঁৱৰি
যদিও অসীমৰ আকাশ তুমি
জিলিকে ইয়াতো জোনাকী আহি
সাঁচি থোৱা বুকুৰ
আঁকি ৰখা ছবিৰ
ৰঙীন পৰশ তুমি
বুজা-নুবুজাৰ
দেখা-নেদেখাৰ
ভাৱনাৰ সাগৰ তুমি
জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?

সপোনৰ আকাশত জোনাকী ৰাতি
বাট চাওঁ তোমালৈ বুলি
এতিয়া আৰু নহয় যে তুমি
দিঠকৰ আকাশৰ পুৱাৰ ৰ'দালি
সাঁচি থোৱা বুকুৰ
আঁকি ৰখা ছবিৰ
ৰঙীন পৰশ তুমি
বুজা-নুবুজাৰ
দেখা-নেদেখাৰ
ভাৱনাৰ সাগৰ তুমি
জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?

আছে নেকি সুখ দিঠকত আজি?
জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?
জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель