Kishore Kumar Hits

Amarendra Kalita - Monore Gohona текст песни

Исполнитель: Amarendra Kalita

альбом: Monore Gohona


শুৱনি জোনাকী আকাশৰ
তৰালী মোৰে হৈ ৰোৱা
কেতেকী সুৰভী ব'হাগৰ
মনতে যতনাই থোৱা
মনে মনে আহি সানি যায় ৰং বোৰ
দুচকুৰে পলকতে তাই
কপালতে আছে বা নাই তথাপিও
হৃদয়তে সাঁচি থ'লো ঠাই
চিলমিল টোপনিৰ আঁচলত
দেখো মই তাইৰে ছবি
পৰী যেন তাই সৰগী
মন দাপোনতে তায়ে সপোন ৰচে
উকা জীৱনতে শইচ সিঁচে
হৃদয় বাকৰিতে মৰম কাৰেং সাজে
মনত প্ৰণয়ৰে সুৰ বাজে
হৃদয়ত পাৰি থ'লো দুৱৰি দলিচা
জানোচা সজাবাহি মনৰে বাগিচা
সলাব তায়ে আহি অবধি পুৰণা
হবনে তাই মোৰে মনৰে গহণা???
মনে মনে আহি সানি যায় ৰং বোৰ
দুচকুৰে পলকতে তাই
কপালতে আছে বা নাই তথাপিও
হৃদয়তে সাঁচি থ'লো ঠাই

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель