মায়াৱী ৰাতিৰ এন্ধাৰত
সময়ো থমকি ৰয় পালে তোমাক কাষৰত
পিয়াসী সত্বাৰে আৱেদন
হাততে হাত থৈ পাৰ কৰিছোঁ এই লগণ
নিশাৰ ৰাগীতে উমলি
চিঙি দি উন্মাদনাৰ শিকলি
মায়াৱী ৰাতিৰ এন্ধাৰত
সময়ো থমকি ৰয়
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
পাহৰি ৰঙীন পৃথিৱী
নিজৰ কৰিলোঁ ধূসৰ নিশাটি
বাউলী এই নিশাত
উটি যোৱা দুটি প্ৰাণৰ জাননীত
উমলি প্ৰতি অংগে অংগে
ফাকু খেলি শৰীৰেৰে জীৱন্তে
কিনো যাদু এই আন্ধাৰতে
বিলীন হৈ তোমাৰ লগতে
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
Поcмотреть все песни артиста
Другие альбомы исполнителя