Kishore Kumar Hits

Nikhil Jyoti Sarma - Tumi Xubaxh текст песни

Исполнитель: Nikhil Jyoti Sarma

альбом: Tumi Xubaxh


কাষেৰে পাৰ হৈ
গ'লে তুমি
উশাহো যায় ৰৈ
কিনো আদৰ বুকুতে জাগে
ভাবি তোমাক নিজৰ!
ভাবি তোমাক নিজৰ!
তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস
তুমি শীত-শীত, নিহালী তাপ
তুমি নৈ-নৈ, তুমি পাৰ-পাৰ
তুমি হ'লে দূৰ হিয়াত হাহাকাৰ
কিনো চাৱনিৰে কৰা চিকাৰ?
তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস
এই শুকান পৃথিৱী
তুমি আহিলে জীপাল হ'ব
সৌ ক'লা ডাৱৰো
তোমালে' চাই আঁতৰিব
কত ৰাতি অকলে অকলে
পাৰ হ'ল ভাবি তোমাক নীৰৱে
কত সপোনৰে ধাৰ বুকুতে
বৈ যায় ভাঙি হিম বেথাৰে
হিম বেথাৰে
তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস
তুমি শীত-শীত, নিহালী তাপ
তুমি নৈ-নৈ, তুমি পাৰ-পাৰ
তুমি হ'লে দূৰ হিয়াত হাহাকাৰ
কিনো চাৱনিৰে কৰা চিকাৰ?
তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель