Kishore Kumar Hits

Debabrata Gogoi - Prerona текст песни

Исполнитель: Debabrata Gogoi

альбом: Prerona


নিশা নমা আৰু পৃথিৱী শোৱাৰ পৰা
তুমি আহি আজি মিঠাকে' সুৰ এটি ধৰা
দিলাহি তুমি
জোনাকী পোহৰে এন্ধাৰক যেনেকৈ নাশে
তোমাৰ পৰশ পালে আৱেগ-বৰষা নামে
সপোনত তুমি
তুমি নহ'লে আজি মোৰ মনে
মনে মনে কিয় উচুপে!
তুমি আহিলে মোৰ কাষলে'
হেৰোৱা প্ৰেৰণাবোৰ জাগে
দিয়াঁনা হেৰোৱা প্ৰেৰণা
লৈ যোৱাঁ মোৰ মনৰ তমসা
তমসা

শুনি যা শাওণৰ বাৰিষা
তাহানিৰ মোৰ এটি ভালপোৱা
কাহিনীও চাগে' পাহৰিলোঁ
পাহৰা নাই মই ঠিকনা
তুমি নহ'লে আজি মোৰ মনে
মনে মনে কিয় উচুপে!
তুমি আহিলে মোৰ কাষলে'
হেৰোৱা প্ৰেৰণাবোৰ জাগে
দিয়াঁনা হেৰোৱা প্ৰেৰণা
লৈ যোৱাঁ মোৰ মনৰ তমসা
তমসা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель