Kishore Kumar Hits

Lakhinandan Lahon - Mayaxona текст песни

Исполнитель: Lakhinandan Lahon

альбом: Mayaxona


সৌ আকাশৰ সিপাৰতে ৰচিছোঁ
মোৰ কল্পনাৰ এমুঠি মিঠা সপোন
তোমাৰে নামতে আজি বেলি-তৰা-জোন আকাশতে উজলিছেচোন
আপোন-আপোন লগা এটি মিঠা সুৰ হৃদয়তে নিগৰিছেচোন
ৰিক্ত হিয়াৰে তুমি একাঁজলি সুখ
সিক্ত ভাৱনাৰে তুমি নাশিলা দুখ
তুমি মনাকাশৰ জোনাকী পৰুৱা
তোমাৰে পৰশত বিষাদো ভাগৰুৱা
এন্ধাৰ আঁতৰাই জগত পোহৰালা
তুমি মায়াসনা

উৰি উৰি যায় উতনুৱা মোৰ মন
নিমিষতে পাৰ হয় এটি-এটি ক্ষণ
উৰি উৰি যায় উতনুৱা মোৰ মন
সৰগী ঠিকনালৈ
তোমাৰে নামতে আজি বেলি-তৰা-জোন আকাশতে উজলিছেচোন
আপোন-আপোন লগা এটি মিঠা সুৰ হৃদয়তে নিগৰিছেচোন
মৌন ভাষাৰে যি ক'ব খোজা আহি তুমি মোক
শব্দহীনতাত বুজি পালোঁ ক'ব খোজাবোৰ
তুমি মনাকাশৰ এজনী পখিলা
প্ৰতিটো সুৰৰে তুমিয়ে মালিতা
প্ৰেমৰ বাঁহীৰেই জীৱন সজালা
তুমি মায়াসনা
তুমি মায়াসনা
তুমি মায়াসনা
(মায়াসনা)
তুমি মায়াসনা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Noi

2023 · сингл

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель