Kishore Kumar Hits

ISLAND WARRIOR - Xun текст песни

Исполнитель: ISLAND WARRIOR

альбом: Xun


Island Warrior
Majuli
শুন
লাহে লাহে আশে-পাশে বনিছে সব জন্তু
ৰাখিমনো কাক আৰু এৰি দিম কোনটো
মনটোক ধৰি-বান্ধি ৰাখিব যে নোৱাৰো
মোৰ কথা শুনি ভাল লাগে জানো তোমাৰো
নোৱাৰো নোৱাৰো বুজাব মই নোৱাৰো
Limit আছে বোলে সমাজত কথা কোৱাৰো
আচল অসমীয়াৰ তেজ নহয় মোৰ চেঁচা
মই হ'লো Dragon আৰু তহঁত সব ফেঁচা
অসমীয়া বুলি কৰো নিজকে মই গৌৰৱ
মই অৰ্জুন আৰু তহঁত সব কৌৰৱ
গৌৰৱ কৰো মই মোৰ ভাষাক লৈ
জীয়াই আছো মই মোৰ আশাক লৈ
মই মোৰ ভাষাক লৈ
মই মোৰ আশাক লৈ
মই মোৰ ভাষাক লৈ
শুন শুন শুন কি কৈ আছো
প্ৰথমে মানুহ হ
জাতি-ধৰ্মৰ নামত কাজিয়া কৰি একো লাভ নাই
নিজৰ পিতৃ-মাতৃৰ সেৱা কৰ
ভাই-ভগ্নীক মৰম কৰ
দুখীয়াক সহায় কৰ
তেতিয়াহে জীৱনটো সুখৰ হ'ব
জাতি-ধৰ্মৰ নামত কাজিয়া কৰি থাকিলে কোনেও একো নাপায়
অকল তেজ ব'ব তেজ
(Aye, aye, aye)
ভাল কামৰ ভাল ফল লাগিলে হ নাস্তিক
পুঁজি যাবি সদায় নিজৰ পিতৃ-মাতৃক
ভাতৃক সদায় নিজৰ লগতে তই ৰাখিবি
ভগ্নীক সদায় আইৰ পাছতে তই দেখিবি
দেখিবি দেখিবি সুখৰ হ'ব সংসাৰ
নোৱাৰে কৰিব কোনেও তোক অপকাৰ
উপকাৰ কৰ যদি সদায় দুখীয়াক
বিপৰীতে পাবি তয়ো সদায় উপকাৰ
বুজা নাই যদি আহিবি মোৰ বাৰাণ্ডাত
নাথাকিবি anytime কাজিয়া কৰাৰ ধান্দাত
নতু ৰান্দা মাৰি তোক কৰি দিম সমান
মোৰ অস্তিত্বৰ দিম তোক প্ৰমাণ
অলপমান লগাই মাথা মন দে তই কৰ্মত
কিনো ৰখা আছে ভাই জাতি আৰু ধৰ্মত
কৰ্মই ধৰ্ম, ধৰ্মই কৰ্ম, জীৱন যুদ্ধৰ এইয়ে মূলমন্ত্ৰ
শুন, নাৰীক সম-অধিকাৰ দিবলে তই কোনো নহয়
নাৰীয়ে নিজৰ অধিকাৰ ভালদৰে জানে
আৰু social media ত নাৰীৰ ওপৰত বহুত ডাঙৰ-ডাঙৰ ভাষণ দিয়া কেইটাই
ৰাস্তাত দেখিলে ছোৱালীক মাল বুলি কয়
কটা-নিধক ক'ৰবাৰ
(Aye)
(Aye)
(Aye)
তাই কি পিন্ধে, ক'ত যায় তোৰনো কি দৰকাৰ
নীতি-নিয়ম বনাবলে নহয় তই চৰকাৰ
কি খাই, ক'ত ঘুৰে নাই কোনো দৰকাৰ
শাসন কৰিবলে নহয় তই কোনো তাইৰ
তাইৰো আছে স্বাধীনতা, তাইয়ো জানে নিয়ম-নীতি
নিয়ম শিকাবলে নহয় ব্যক্তিগত পিয়ন
ভুল-শুদ্ধ এৰি তই প্ৰথমে মানুহ হ
ভালটোক বাচি ল বেয়াটোক কাটি থ
পুৰুষ-মহিলাৰ বাচ-বিচাৰ কৰাৰ আগত মানুহ হ
Island Warrior
Majuli

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

Van M

Исполнитель

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель