Kishore Kumar Hits

ISLAND WARRIOR - Adhorua Kahani текст песни

Исполнитель: ISLAND WARRIOR

альбом: Adhorua Kahani


কোন আছিল ভুল, কোন আছিল শুদ্ধ
কোনে দিব উত্তৰ আছিল কাৰ মন বিশুদ্ধ
সেই মুহুৰ্তৰ তোৰ অকাল বিলুপ্তৰ
আৱেগে কৰি তোলে মোৰ আজি প্ৰতিপল বিমূৰ্ত
মৰম বিচাৰিছিলোঁ, প্রমাণো দিছিলোঁ যে মই নহয় ধৰুৱা
মৰমবোৰ বুকুতলৈ বিশ্বাসৰ খোজ খালি তলুৱাৰ
কাঁইট সিঁচি বাটত কৰি ৰাখিছিলি মোক বাটৰুৱা
মনত পেলাই দিয়ে সেই বিষে যে মোৰ কাহিনী আধৰুৱা
কাঁইট সিঁচি বাটত কৰি ৰাখিছিলি মোক বাটৰুৱা
মনত পেলাই দিয়ে সেই বিষে যে মোৰ কাহিনী আধৰুৱা
নাজানো কিয় পৰিলো মই তোৰ প্ৰেমত
নজনাকৈ সোমাই পৰিলো তোৰ love game ত
তোৰ কথা ভাবিয়েই দেখিছিলো বহুতো সপোন
তোৰ অবিহনে নাছিল যেন কোনোৱেই আপোন
দাপোন আছিলি মোৰ তয়েই মোৰ মনৰ সুখ
দেখিলেই তোক জাননে পঢ়িছিলোঁ সব দুখ
প্ৰতিটো কথাকে তোৰ কৰিছিলোঁ সমাদৰ
সম্পৰ্কটোৰ কিয় আজি কৰিলি তই অনাদৰ
ক মোক, মই কৰিলো কি অপৰাধ
কিয় দি গ'লি নিঃসংগতাৰ এই অভিশাপ
অনুতাপ কৰিবি এদিন তই নিজেও
ভাল পাই থাকিম প্ৰাণবায়ু ওলাই গ'লেও
এয়াই আছিল নেকি তোৰ মৰমৰ সমীক্ষা
এনেদৰে কিমান দিন আৰু কৰিম প্ৰতীক্ষা
ঘূৰি আহ সোনকালে আৰু নোৱাৰোঁ
শেষ কৰ তোৰ এই জটিল পৰীক্ষা
জীৱন বাটত যদিও নহয় মই ভাগৰুৱা
আছে লগত সব তথাপিও যেন আধৰুৱা
আধৰুৱা কিয় কৰিলি তই কথাবোৰ
বিশ্বাসবোৰ বিক্ৰী কৰি কিয় ল'লি টকাবোৰ
তোৰ-মোৰ স্মৃতিখিনি সযতনে ৰাখিছোঁ
উজাগৰী থাকি নিশা তোৰ কথাকে ভাবিছোঁ
হাঁহিছোঁ-কান্দিছো আজি যেন মই পগলা
এটাই ভুল হ'ল তোক ভাবিলো যে অজলা
কিমান টকাত বিকিলি মোৰ বিশ্বাস
নাথাকই যদি কিয় দিলে মিছা আশ্বাস
শেষ নিশ্বাস (নিশ্বাস) এৰিম মই যিদিনা
অনুভৱ কৰিবি তইয়ো চাগে সিদিনা
পৰেনে মনত যেতিয়া পৰিছিলি নৰীয়াত
ক'ত আছিল তোৰ দাদাহঁত
ক'ত আছিল তোৰ পৰিয়াল
ঘুড়িয়াল এতিয়া নাৱৰ বহুত ওলাল
প্ৰয়োজনৰ সময়তহে সবৰে যে কাম ওলাল
কোন আছিল ভুল, কোন আছিল শুদ্ধ
কোনে দিব উত্তৰ আছিল কাৰ মন বিশুদ্ধ
সেই মুহুৰ্তৰ তোৰ অকাল বিলুপ্তৰ
আৱেগে কৰি তোলে মোৰ আজি প্ৰতিপল বিমূৰ্ত
মৰম বিচাৰিছিলোঁ, প্রমাণো দিছিলোঁ যে মই নহয় ধৰুৱা
মৰমবোৰ বুকুতলৈ বিশ্বাসৰ খোজ খালি তলুৱাৰ
কাঁইট সিঁচি বাটত কৰি ৰাখিছিলি মোক বাটৰুৱা
মনত পেলাই দিয়ে সেই বিষে যে মোৰ কাহিনী আধৰুৱা
কাঁইট সিঁচি বাটত কৰি ৰাখিছিলি মোক বাটৰুৱা
মনত পেলাই দিয়ে সেই বিষে যে মোৰ কাহিনী আধৰুৱা
পঢ়ালে বহুত নিদিলে নৈতিক শিক্ষা
কৰিছিলোঁ প্ৰেম নাই খোজা কাকো ভিক্ষা
ইচ্ছা শক্তি তোতকে মোৰ প্ৰবল
চিন্তা তোৰ ঠেক মোৰ চিন্তা বহল
সবেই সোধে আজি কোন ভুল কোন শুদ্ধ
আছে লগত প্ৰমাণ তথাপিও মই স্তব্ধ
স্পষ্টবাদী হৈ যদি সব মই কৈ দিওঁ
থাকিব জানো অহংকাৰ থাকিব জানো তোৰ গৰ্ব
চাই আছে ভগৱানে কৰিছে তোৰো হিচাপ
ব্যৰ্থ প্ৰেমিক বুলি মানুহে যদিও দিলে খিতাপ
তথাপিও হাৰ মনা নাই আছো এতিয়াও থিয় হৈ
বিশ্বাসবোৰ বিকিলি যদিও আছ মোৰ প্রিয় হৈ
দেহৰ খেল নাছিল এইয়া খেল মোৰ মনৰ
মন আৰু ধনৰ মাজত বিজয় হ'লগৈ ধনৰ
Breakup নহয় কৰিলি বিশ্বাস ঘাটকতা
মিছা মৰম তোৰ মিছা সেই মাদকতা
মোৰ মনৰ বেথাবোৰ আকৌ জানো শুনিবি
মোৰ লগত বহি আকৌ জানো হাঁহিবি
সুধিছে মনে মোক আকৌ জানো তই আহিবি
নে হৈ ৰ'ব আৰু এটি আধৰুৱা কাহিনী
মৰম বিচাৰিছিলোঁ, প্রমাণো দিছিলোঁ যে মই নহয় ধৰুৱা
মৰমবোৰ বুকুতলৈ বিশ্বাসৰ খোজ খালি তলুৱাৰ
কাঁইট সিঁচি বাটত কৰি ৰাখিছিলি মোক বাটৰুৱা
মনত পেলাই দিয়ে সেই বিষে যে
মোৰ কাহিনী আধৰুৱা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Xun

2019 · сингл

Похожие исполнители

Van M

Исполнитель

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель