Kishore Kumar Hits

ISLAND WARRIOR - Late Night Thoughts текст песни

Исполнитель: ISLAND WARRIOR

альбом: Late Night Thoughts


Island Warrior
Majuli
Yo
কবলৈ লৈছো কিছু Late night thoughts
No good vibe একো নাই ৰখা hope
অলেখ যাতনা লৈ ঘূৰো বুকুত কিন্তু
Insta story ত নিজকে দেখাইছোঁ dope
অনুভৱৰ চিয়াঁহীৰে জীৱনৰ এই কাগজত
লিখি দিলোঁ বহু কথা ৰখা নাই মই ভিতৰত
সৰু মানুহ মাটিত মিলিম, উৰা নাই মই আকাশত
বুকুত আছে আশা কিন্তু ৰাখো মনৰ বাকচত
মিলিম বতাহত, এদিম মোৰো শেষ হ'ব
টকাতকে মূল্যবান কেতিয়া আবেগ হ'ব
কৰো মই প্ৰশ্ন নিজকে যে বাৰে-বাৰে
খেলাবোৰ হয় কিয় বিশ্বাসৰ আঁৰে-আঁৰে
বাৰে-বাৰে স্মৃতিবোৰে মোক আমনি কৰে
মাজ নিশা মোক এন্ধাৰে আৱৰি ধৰে
এন্ধাৰ ফালি সুখ-শান্তিক মই জুমি চাওঁ
হাতখন মেলো, কিজানিবা সুখ ঢুকি পাওঁ
জীৱন যেন city bus, যায় ঢকা মাৰি-মাৰি
দুখবোৰ আহে আৰু জীৱনে কয় খালী গাড়ী
সবৰেইটো একেই ইয়াত কিনো নৰ, কিনো নাৰী
ডাঙৰ মনৰ প্ৰয়োজন নাই, প্ৰয়োজন ইয়াত দামী গাড়ীৰ
কৰ মোক বিশ্বাস, I'm not lying
মুখত আছে হাঁহি, but I'm dying
কৈছোঁ মোৰ মুখেই সকলোবোৰ কথা
একেখিনি ক'বলৈ everyone is trying (uhh)
সুখৰ এতিয়া প্ৰয়োজন নাই লাগে মাথোঁ শান্তি
মনৰ ভিতৰত জ্বলে শলিতাডাল ক্ৰান্তিৰ
ঘটা নাই মোৰ মন-মগজুৰ বিভ্ৰান্তি
সঁচাখিনি লিখো যাতে মনটোত পাওঁ শান্তি
মনটোৰ কথাটোত মগজ হয় অমান্তি
খেলাখন চলি থাকে প্ৰাপ্তি-অপ্ৰাপ্তিৰ
দুখ আৰু মই একে নাৱৰে হয় যাত্ৰী
ডুবি যাব নাওঁ আৰু হ'ব ইয়াৰ সমাপ্তি
যুদ্ধখন নিজৰ লগত সেয়ে সদায় যুঁজি আছো
বেলেগৰটো কঢ়া নাই নিজৰ প্ৰাপ্যটো খুজি আছো
আগলৈ যাবলৈ নিজকে আজুৰি আছো
কোমল মোৰ মন তাক নখেৰে আঁচুৰি আছো
ভাৱনাৰ সাগৰত অকলে সাঁতুৰী আছো
যেন মৰুভূমিত মই মৰিচিকা খেদি আছো
বাহিৰে ৰং-চং আৰু ভিতৰেদি জ্বলি আছো
থাকো চুপ-চাপ কিন্তু ভিতৰত চিঞঁৰি আছো
নিজে মই মানি লওঁ that I'm not smart
কিন্তু সঁচাটো ক'বলৈ সদায় ৰাখিছোঁ guts
বেলেগৰ দৰে অ মোৰ নাই যে class
কিন্তু নিজৰ আন্ধাৰত নিজে হৈছো flash
শুন, নিজে মই জানো I'm not highly educated
কিন্তু hip-hop মোৰ প্ৰিয় মই তাত dedicated
কৰি আছিলোঁ, কৰি আছো আৰু কৰি যাম মই কষ্ট
লাগিলে কৰক বা নকৰক কোনোবাই felicitate
শুন, ভগাই খোৱা গুনটো মোৰ সৰুৰ পৰাই আছে
কাৰণ সৰুৰ পৰাই শিকিছোঁ যে বাটি খালে আঁটি যায়
যাৰ লগত বাটো যেতিয়া সিয়েই মাৰে চুৰি
তেতিয়াহে জাননে মোৰ মনটোযে ফাটি যায়
শুন, কেলেই মন আহিলি মায়াৰ বজাৰলৈ
কেলেই মন ঘটিলি ধন
এনে টকা-পইচা নিব নোৱাৰিবি
হাড়টো গজিব বন
কবলৈ লৈছো কিছু Late night thoughts
No good vibe একো নাই ৰখা hope
অলেখ যাতনা লৈ ঘূৰো বুকুত কিন্তু
Insta story ত নিজকে দেখাইছোঁ dope

Поcмотреть все песни артиста

Другие альбомы исполнителя

Xun

2019 · сингл

Похожие исполнители

Van M

Исполнитель

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель