Tridip Kalita - Pahoroni текст песни
Исполнитель:
Tridip Kalita
альбом: Pahoroni
মই লাহে লাহে নামি অহা এটি সন্ধিয়া
তুমি পুৱাৰে ৰাঙলী ৰ'দালি
মই কাণে-কাণে ক'ব খোজোঁ এটি কবিতা
আহাঁনা এবাৰ শুনাহি
♪
মই লাহে লাহে নামি অহা এটি সন্ধিয়া
তুমি পুৱাৰে ৰাঙলী ৰ'দালি
মই কাণে-কাণে ক'ব খোজোঁ এটি কবিতা
আহাঁনা এবাৰ শুনাহি
হৃদয়-অৰণ্য জ্বলি-পুৰি ছাৰখাৰ
প্ৰণয়-নদীৰ নাই কোনো পাৰাপাৰ
এবাৰ আহি চোৱাঁচোন তুমি
মনৰে হেঁপাহ তুমি, বুকুৰে উশাহ তুমি
পাহৰণিৰে সোঁততে থকা এটি নাম তুমি
মনৰে হেঁপাহ তুমি, বুকুৰে উশাহ তুমি
পাহৰণিৰে সোঁততে থকা এটি নাম তুমি
♪
তুমি যোৱা বাটে অহা-যোৱা কৰোঁ
দুচকুৱে তোমাৰ সপোনবোৰ আঁকোঁ
হৃদয়ৰে এটি গোপন কোঠালীত
তোমাৰ স্মৃতিবোৰ সামৰি ৰাখোঁ
মোৰ সুপ্ত নয়নে হঠাতে আজি সাৰ পাই
বিচাৰে তোমাক, তুমি কাষত নাই
এবাৰ কাষত ৰোৱাঁচোন তুমি
মনৰে হেঁপাহ তুমি, বুকুৰে উশাহ তুমি
পাহৰণিৰে সোঁততে থকা এটি নাম তুমি
মনৰে হেঁপাহ তুমি, বুকুৰে উশাহ তুমি
পাহৰণিৰে সোঁততে থকা এটি নাম তুমি
Поcмотреть все песни артиста
Другие альбомы исполнителя