Kishore Kumar Hits

Arindam Gohain - Adhoruwa Xopun текст песни

Исполнитель: Arindam Gohain

альбом: Adhoruwa Xopun


তুমি মোৰ ওঁঠৰ হাঁহিটি
তুমি জোনাকৰ জোনটি
নীশাৰ মাদকতাত
মিঠা সপোন যেন এটি
জোনৰ পোহৰত, তোমাৰ মুখনি
মেঘালী চুলিতাৰি
নিলবৰণিয়া চকুজুৰি
গোলাপী ওঁঠৰ মিচিকনি
সপোনৰে সুৰ বোৰ, লিখা নহ'ল
আধৰুৱা হৈ ৰ,ল
প্ৰেম বালিঘৰ সজা নহ'ল।

হঠাতে গভীৰ বেদনা
হঠাতে এজাক কোলাহল
সেমেকা সেমেকা মনৰ
আছিল অতি সপোন
মোৰ কলিজাৰে দাপোন
বুকু উদঙ হৈ ৰল
আছোঁ নীৰৱে
অকলে অকলে
আৱৰি স্মৃতিৰ কোলাকে
তুমিটো নাজানা
কিমান আশাৰে
ৰৈ আছোঁ তোমালে
সপোনৰে সুৰ বোৰ, লিখা নহ'ল
আধৰুৱা হৈ ৰল
প্ৰেম বালিঘৰ সজা নহ'ল।
তুমি মোৰ ওঁঠৰ হাঁহিটি
তুমি জোনাকৰ জোনটি
নীশাৰ মাদকতাত
মিঠা সপোন যেন এটি।

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

DXA

Исполнитель

DHRTX

Исполнитель

ILIAD

Исполнитель

TRIV

Исполнитель